ডিজিটেল ডেস্ক: আমি সকলোৱে খাই ভাল পাওঁ। খাদ্যৰ তালিকাখন সকলোৱে ৰুচি অনুযায়ী প্ৰস্তুত কৰে।আজি আপোনালোকক সততে পোৱা এবিধ দৰকাৰী পাচলীৰ বিষয়ে অৱগত কৰিম।আমাৰ বজাৰত সততে পোৱা আৰু বহুতেই খাই ভালপোৱা এবিধ পাচলি হৈছে ভাতকেৰেলা।গ্ৰাম্য অঞ্চলত ই একেবাৰে সহজলভ্য।সেই ভাতকেৰেলা আমাৰ দেহৰ বাবে যথেষ্ট দৰকাৰী পাচলি।প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু ভিটামিন চি থাকে ভাতকেৰেলাত।ইয়াৰ উপৰিও আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় কেতবোৰ খনিজ পদাৰ্থ ও থাকে ভাতকেৰেলাত।ভাত কেৰেলাই হজম শক্তি বৃদ্ধি কৰাৰ লগতে দেহৰ ওজন কমোৱাতো সহায় কৰে।শিশুৰ দেহত দেখা দিয়া এলাৰ্জিৰ সমস্যা নোহোৱা কৰাতো যথেষ্ট সহায় কৰে ভাতকেৰেলাই।আপুনি বইল অথবা ভাজি কৰিও খাব পাৰে ভাতকেৰেলা।ইয়াৰোপৰিও মধুমেহ ৰোগৰ বাবেও ই অতি প্ৰয়োজনীয়।চকুৰ কাৰনেও অতি উপকাৰী ভাতকেৰেলা।চকুৰ চামনি ৰোধ আৰু দৃষ্টিশক্তি বঢ়াত সহায় কৰে।সততে উপলব্ধ এইবিধ খাদ্যই আপোনাক বিভিন্ন সমস্যাৰ পৰা বচাই ৰাখিব পাৰে।