Daily Time Axom

কনমানি ছাত্ৰী দীপশিখালৈ শ্ৰদ্ধাঞ্জলি শিশু শিক্ষা সমিতিৰ পৰিয়াল বৰ্গৰ

0 8

ডিজিটেল ডেস্ক: কনমানি চুমিলা ৰংহাংপিৰ ঘটনা মাৰ নৌযাওতেই ৰাজ্যত পুনৰাবৃত্তি হৈছে ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাৰ।৪ মে’ৰ দিনা গোগামুখৰ ষষ্ঠ শ্ৰেণীৰ কনমানি ছাত্ৰী দীপশিখা শইকীয়াক ঘৰত কোনো নথকাৰ সুযোগ লৈ কেইবাটাও নৰপিশাচে দলবদ্ধ ভাবে ধৰ্ষণ কৰি কনমানিজনীক হত্যা কৰি ডিঙিত গামোচাৰে বান্ধি ওলোমাই থৈ যায়।এই অমানৱীয় জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া নৰপিশাচকেইটাক শাস্তি প্ৰদানৰ দাবী তুলিছে সমগ্ৰ ৰাজ্যবাসীয়ে।ইয়াৰ লগতে কনমানীজনীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাইছে।শিশু শিক্ষা সমিতিয়ে বৰ্বৰ নৰপিশাচকেইটাক অতি শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে কনমানি দীপশিখাৰ আত্মাৰ শান্তিৰ বাবে শুকুৰবাৰে সন্ধিয়া ৬ বজাত বিদ্যা ভাৰতী পৰিয়ালৰ সকলো নিকেতনৰ আচাৰ্য, আচাৰ্যা, কাৰ্য কৰ্তা, পৰিচালনা সমিতিৰ সদস্য, ছাত্ৰ -ছাত্ৰী, প্ৰাক্তন ছাত্র -ছাত্ৰী সকলোৱে নিজ নিজ গৃহত এগচ বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লয় । শিশু শিক্ষা সমিতিৰ আহ্বান মৰ্মে শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াৰ পৰিয়াল বৰ্গয়ো নিজ নিজ বাসগৃহত বন্তি প্ৰজ্বালন কৰি দ্বীপশিখাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কামনা কৰাৰ লগতে দোষীৰ দৃষ্টান্তমূলক শাস্তি কামনা কৰে ।।

Leave A Reply

Your email address will not be published.