বাক্সাৰ গোৰেশ্বৰৰ বিভিন্ন অঞ্চলত আক্ৰাচুৰ উদ্যোগত বিনামূলীয়াকৈ মাস্ক বিতৰণ কাৰ্যসূচী
ডিজিটেল ডেস্কঃ Covid 19 ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ গোৰেশ্বৰৰ বিভিন্ন অঞ্চলত আক্ৰাচুৰ উদ্যোগত বিনামূলীয়াকৈ এক মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। লগতে ৰাইজৰ মাজত Covid 19 ৰ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এখনি সজাগতা সভাৰো আয়োজন কৰে। উক্ত কাৰ্যসূচীত প্ৰতিগৰাকী ব্যক্তিকে হাতত চেনিটাইজ কৰি সমিতিৰ তৰফৰ পৰা একোখনকৈ মাস্ক পৰিধান কৰিবলৈ দি ক’ভিড ১৯ ক প্ৰতিহত কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণ ।