মৰঙিৰ ক্ষুদ্র প্ৰাথমিক চিকিৎসালয়ত ক’ভিড ভেকচিন প্ৰদান ।

ডিজিটেল ডেস্কঃ ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে পুৱা ৯বজাৰ পৰা মৰঙিত আৰম্ভ হৈছে ক’ভিড ভেকচিনেচন প্ৰক্ৰিয়া।উল্লেখ্যনীয় যে ১৮ বছৰৰ উৰ্ধৰ আৰু ৪৫ বছৰৰ অনুৰ্ধৰ ব্যক্তি সকলক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন। যিসকল ব্যক্তিয়ে অনলাইন যোগে আবেদন কৰিছিল তেওঁলোকক প্ৰদান কৰা হৈছে এই Covaxin নামৰ ভেকছিনবিধ। মৰঙি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত শনিবাৰে পুৱাৰে পৰা ১০০ জন লোকক Covaxin ভেকচিন প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment