Daily Time Axom

সীমান্তৰ উৰিয়ামঘাটত কৃষি বিশ্ববিদ্যালয়ে যোগান ধৰা জালুকপুলি ৰোপনৰ শুভাৰম্ভ

0 8

ডিজিটেল ডেস্ক: যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ সংহত উদ্যান শস্য উন্নয়ন প্ৰকল্পৰ দ্বাৰা ২০২০-২১ বর্ষৰ বাবে গোলাঘাট জিলাৰ পদুম পথাৰ আৰু ধনশিৰি মহকুমাৰ সীমান্তৰ ধনতোলা,দয়ালপুৰ আদি এলেকাৰ কৃষকৰ প্ৰায় ২৫ হেক্টৰ জুৰি ভুমিত উন্নত জাতৰ জালুক পুলি ৰোপনৰ বাবে এক অভিলাষী আচঁনি গ্ৰহণ কৰিছে।যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সংহত উদ্যান শস্য উন্নয়ন প্ৰকল্পৰ দ্বাৰা কৃষকৰ কৃষি ভূমিত ৰোপনৰ বাবে কেইবাহাজাৰো জালুকৰ পুলি ইতিমধ্যে স্থানীয় তদাৰক সমিতি খনক যোগান ধৰিছে।শনিবাৰে জালুকপুলি ৰোপনৰ তদাৰক সমিতিখনে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ দয়ালপুৰ গাৱঁৰ আদৰ্শ কৃষক অন্তিম বসুমতাৰীৰ কৃষি ভূমিত জালুক পুলি আনুষ্ঠানিকভাৱে ৰোপনৰ শুভাৰম্ভ কৰে বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে। জালুক পুলি ৰোপনৰ শুভাৰম্ভ কৰি বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে কৃষি প্ৰধান অঞ্চলটোৰ খেতিয়ক সকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এই পদক্ষেপে যথেষ্ট অৰিহনা যোগাব বুলি মত পোষণ কৰে।জালুক পুলি ৰোপনৰ শুভাৰম্ভনী অনুষ্ঠানত সাংবাদিক তুলসী চুতীয়া, বেদান্ত ভাৰ্গব বৰা, ধনশিৰী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক বিনন্দ বড়োছা , এবছুৰ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ বসুমতাৰীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীৰ বিশেষ তৎপৰতাত মহকুমাটোৰ সীমান্ত অঞ্চলৰ খেতিয়ক ৰাইজৰ মাজত যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগে উন্নত জাতৰ জালুক পুলি যোগান ধৰা কাৰ্যক কৃষক ৰাইজে প্ৰদীপ স্বৰ্গীয়াৰীৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক শলাগ লোৱা পৰিলক্ষিত হ’য়। উল্লেখ্য যে ইয়াৰ পুৰ্বেও যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা উৰিয়ামঘাট সীমান্ত অঞ্চলটোৰ ভালেসংখ্যক কৃষক ৰাইজৰ মাজত উন্নত জাতৰ ধানৰ বীজ, বিভিন্ন শাক পাচলিৰ বীজ, কৃষি সঁজুলি আদি যোগান ধৰিছিল ।

Leave A Reply

Your email address will not be published.