Daily Time Axom

বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত দামোদৰ ধাম পাণ্ডুলাৰ দেওবাৰৰ পৰা সাপ্তাহিক বজাৰ বন্ধ

0 6

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বৰ্তমান কৰ’ণাই ধাৰণ কৰিছে কালৰূপ।প্ৰতি দিনে বৃদ্ধি হৈছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা।দেশ তথা ৰাজ্যৰ এনে অভাৱনীয় পৰিস্থিতিত সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে বান্ধি দিছিল কেতবোৰ নীতি নিৰ্দেশনা।চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা মানি চলি নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত দামোদৰ ধাম পাণ্ডুলাৰ দেওবাৰৰ সাপ্তাহিক বজাৰ বন্ধ ৰখা পৰিলক্ষিত হয়।প্ৰশাসনে দিয়া নিৰ্দেশৰ ভিত্তিত দামোদৰ ধাম পা্ণ্ডুলা বজাৰ পৰিচলনা সমিতিৰ সম্পাদক জিতেন ডেকা আৰু মহলদাৰ দিলীপ লহকৰৰ নেতৃত্বত দেওবাৰে পুৱাৰ ভাগতে বজাৰখনত উপস্থিত হৈ সাপ্তাহিক বজাৰখন বন্ধ ঘোষণা কৰি ক্ৰেতা- বিক্ৰেতাসকলক বৰ্তমান সময়ত মানি চলিব লগা নীতি নিয়ম সমুহৰ বিষয়ে অৱগত কৰে।


ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰশাসনৰ নিৰ্দেশ অনুসৰি দেওবাৰৰ পৰা প্ৰশাসনৰ নিৰ্দেশ নোপোৱালৈকে বুধবাৰ আৰু দেওবাৰৰ সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰে দামোদৰ ধাম বজাৰ পৰিচালনা সমিতিয়ে।উল্লেখ্য যে ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাওঁ সমুহতো।ইয়াৰোপৰিও ক’ভিডত আক্ৰান্তহৈ বৰ্তমানলৈকে মৃত্যু হৈছে ৪জনকৈ লোকৰ ।

Leave A Reply

Your email address will not be published.