Daily Time Axom

বৰগোহাঞি দেৱৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতিঃ বিশ্বজিত ফুকন

0 9

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি আৰু নাই। পুৱা ৬.৫৮ মিনিটত বিশিষ্ট সাহিত্যিক গৰাকীয়ে GNRC ত শেষ নিশ্বাস ত্যাগ কৰে । বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ বিয়োগত গভীৰ শোক প্ৰকাশ সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিত ফুকনৰ । বৰগোহাঞি দেৱৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিশ্বজিত ফুকনে । ১৯৩২ চনত হোমেন বৰগোহাঞিৰ লখিমপুৰ জিলাৰ  ঢকুৱাখনাত জন্ম হৈছিল । পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী ।

Leave A Reply

Your email address will not be published.