Daily Time Axom

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ অসম সাহিত্য সভাৰ জালাল আঞ্চলিক সমিতিৰ।

0 10

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা অনাকাঙ্ক্ষিতভাৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক যুগদ্ৰষ্টা বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক সমিতিয়ে। অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক সমিতিৰ সম্পাদক দামোদৰ তালুকদাৰে গভীৰ শোক প্রকাশ কৰি কয় যে, অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু অসমীয়া সাহিত্য তথা জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক সমিতিৰ কাৰ্যালয়তো পতাকা অৰ্ধনমিত কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.