Daily Time Axom

মহামাৰীৰ সময়ত চৰ্চাত অহা এখন গাঁও।

0 12

ডিজিটেল ডেস্কঃ দেশজুৰি কৰ’না মহামাৰীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।সমান্তৰালভাৱে দেশত দেখা দিছে অক্সিজেন,বেড আই চি ইউৰ, পৰ্যাপ্ত ভেকচিন আদিৰ অভাৱেও।এনে সময়তে চৰ্চাত আহি পৰিছে কেৰেলাৰ এখন কৰ’না মুক্ত গাঁও। এই গাঁওখন কেৰেলাৰ ইডুক্কী জিলাৰ মুন্নাৰ বনাঞ্চলৰ কাষত অৱস্থিত। গাঁওখনৰ নৈসৰ্গিক শোভাই সকলোকে আকৰ্ষিত কৰে। ঈশ্বৰৰ আপোন দেশ হিচাপে খ্যাত এই গাঁওখনৰ নাম হৈছে ইড়ামালাক্কুড়ি। গাঁওখন কৰ’না মুক্ত হোৱাৰ কাৰণৰ মূলতে আছে গাঁওখনৰ লোকে ক’ভিডৰ স্বাস্থ্যবিধি মানি চলে। আনহাতে আদিবাসী অধ্যুষিত এই গাঁওখনত প্ৰায় ৩হাজাৰ লোকে বসবাস কৰে। গাঁওখনৰ লোকৰ জীৱন যাত্রা ও স্বাভাৱিক। কৃষি প্ৰধান শ্ৰমজীৱি লোকসকলে ক’ভিড বিধি আখৰে আখৰে পালন কৰি নিজকে সুস্থ কৰি ৰখাৰ সংকল্প লৈছে। বাহিৰৰ পৰা অহা ৰেচন পাতি ক’ভিড মুক্ত হয় নে নহয় তাক পৰীক্ষা কৰিহে গাঁওখনত প্ৰৱেশ কৰিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.