Daily Time Axom

সৰুপথাৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪৮৮ জনলৈ বৃদ্ধি

0 11

ডিজিটেল ডেস্ক :সমগ্ৰ দেশৰ লগতে অৱধাৰিত ভাবেই অতি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে অসম। প্ৰতিটো মুহূৰ্তত সমগ্র ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছে কৰ’নাত আক্ৰান্ত লোকৰ লগতে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।গোলাঘাট জিলাৰ ধনশিৰি মহকুমাটো যোৱা কিছুদিনৰ পৰা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড -১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। জানিব পৰা মতে মহকুমাটোৰ সৰুপথাৰ, বৰপথাৰ ,উৰিয়ামঘাট ,গেলাবিল ,নাওজান ,চুঙাজান আদি বিভিন্ন অঞ্চলৰ চুকে কোনে দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। মহকুমাটোৰ স্বাস্থ্য বিভাগেও স্বাস্থ্য কেন্দ্ৰ সমূহৰ লগতে ঠায়ে ঠায়ে প্ৰতিদিনে ভালেসংখ্যক লোকক ক’ভিড পৰীক্ষা কৰা কাম বৰ্তমান অব্যাহত ৰাখিছে। ১৩ মে’ৰ দিনটোতো মহকুমাটোত ৩৪ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে। ক’ভিড -১৯ত আক্ৰান্ত হৈ ইতিমধ্যে মহকুমাটোৰ বিভিন্ন অঞ্চলৰ বৰ্তমানলৈকে ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ধনশিৰি মহকুমাত ১৩ মে’ৰ পৰ্যন্ত এই বাতৰি যুগুত কৰা সময়লৈকে সৰ্বমুঠ ৪৮৮ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। এই আক্রান্ত লোক সকলৰ একাংশক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কেন্দ্ৰত চিকিৎসা প্রদান কৰাৰ বিপৰীতে একাংশক নিজ নিজ ঘৰতে হোম আইচলেচনত থকাৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়াকৈ জিলা খনৰ ধনশিৰি মহকুমাৰ চুকে কোনে এনেদৰে প্ৰতিদিনে ক’ভিড -১৯ ত আক্রান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰাত মহকুমাটোৰ জনসাধাৰণক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।ইফালে এনে ভয়ংকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।

Leave A Reply

Your email address will not be published.