ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত এতিয়া এক জটিল পৰিস্থিতি। তাৰ মাজতে আকৌ নাটনি হৈ পৰিছে অক্সিজেনৰ।আহক জানোঁ ঘৰতে প্ৰাকৃতিকভাৱে অক্সিজেনৰ মাত্রানো কিদৰে বঢ়াবলৈ পাৰি ?
১) এল’ভেৰা: এল’ভেৰা আমি সকলোৱে চিনি পাওঁ, নহয়নে?এল’ভেৰা স্কীন কেয়াৰৰ বাবে অতি প্ৰয়োজনীয় উদ্ভিদ। ইয়াৰ সমান্তৰালকৈ এল’ভেৰাৰ দ্বাৰা ঘৰৰ ভিতৰত অক্সিজেনৰ মাত্রা বৃদ্ধি কৰিব পাৰি।
২) অৰ্কিড: অৰ্কিডৰ সৌন্দর্য অপৰূপ। সেয়েহে অৰ্কিড সাধাৰণতে আমি ঘৰত ৰাখো।কিন্তু এই অৰ্কিডে সৌন্দর্যবৰ্ধন কৰাৰ লগতে আন এক বিশেষ উপকাৰী গুণ আছে । অৰ্কিডে নিশাৰ ভাগত অক্সিজেন ত্যাগ কৰে যাৰ বাবে বিশুদ্ধ হৈ থাকে ঘৰৰ বতাহ।
৩) তুলসী: তুলসী গছৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জ্ঞাত। ঘৰৰ ভিতৰত তুলসী গছ ৰাখিলে ২০ঘন্টা পৰ্যন্ত অক্সিজেন সৰবৰাহ হৈ থাকে। বাহিৰৰ বিষাক্ত গেছে শোষণ কৰি তুলসী গছে ঘৰৰ ভিতৰৰ বতাহ বিশুদ্ধ কৰি ৰাখে।
৪) স্নেকপ্লান্ট: এল’ভেৰাৰ দৰে এইবিধ উদ্ভিদৰো আছে বিশেষ গুণ।ঘৰৰ ভিতৰত এইবিধ উদ্ভিদ ৰাখিলেও বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰিব পাৰে।