Daily Time Axom

মধ্যপ্ৰদেশৰ এখন গাৱঁত ক’ভিড সংক্ৰমণ কমিছে গাঁওবাসীৰ এক বিশেষ প্ৰচেষ্টাত।কিন্তু কি সেই প্ৰচেষ্টা?

0 13

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কালৰূপী কৰ’ণাৰ সন্ত্ৰাস। দেশৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে মধ্যপ্ৰদেশৰ এখন গাঁৱে চর্চা লাভ কৰিছে। মধ্যপ্ৰদেশৰ অলহেড় নামৰ গাওঁখনে মহামাৰী কৰ’ণাক পৰাজয় কৰিবলৈ চলাইছে বিশেষ প্ৰচেষ্টা । গাঁওখনৰ সচেতন লোকসকলে বন্ধ কৰি দিছে গাঁৱলৈ অহা প্ৰধান বাট পথ সমুহ । বাট পথ সমুহত বিভিন্ন জেং,কাইট গছৰ ডাল আদিৰে বন্ধ কৰি দিছে গঞা ৰাইজে। বিগত ২০ দিন ধৰি গাঁৱলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই অন্য কোনো লোকক।গাঁৱৰ ৰাইজৰ এই প্ৰচেষ্টাৰ পিছতেই বৰ্তমান ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা কমিছে অলহেড়ত।পূৰ্বৰ তোলনাত আক্ৰান্তৰ সংখ্যা বহু কমিল গাঁৱখনত।মধ্যপ্ৰদেশৰ অলহেড় গাঁওবাসী ৰাইজৰ এই প্ৰচেষ্টাই এতিয়া সকলোৰে চর্চাৰ বিষয় হৈ পৰিছে

Leave A Reply

Your email address will not be published.