অসমত প্ৰথমগৰাকী ” Black Fungus” ৰোগত আক্রান্ত ৰোগীৰ মৃত্যু ।
ডিজিটেল ডেস্কঃ “Black fungus” হৈছে কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত হোৱা এবিধ ৰোগ । দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত কেইবাটাও এনে ৰোগৰ ঘটনা পোহৰলৈ আহিছিল। কিন্তু ইমানদিনে এই ৰোগত ভোগা কোনো ৰোগী ওলোৱা নাছিল অসমত।এতিয়া অসমতো চিনাক্ত হ’ল প্ৰথমজন “Black fungus” হোৱা ৰোগী।দুদিন পূৰ্বে কৰ’না ৰোগত আক্রান্ত হৈ গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা এজন ২৭ বছৰীয়া ক’ভিড ৰোগীৰ দেহত সন্দেহজনক এই “Black fungus” চিনাক্ত কৰা হৈছে। উল্লেখ্য যে , ৰাজ্য চৰকাৰে ইতিমধ্যে মুম্বাইৰ পৰা Black fungus প্ৰতিষেধক বেজী আনি থোৱাৰ কথা জানিবলৈ দিয়ে।” Black fungus” নামৰ এই ৰোগবিধ হৈছে এক ফাংগেল সংক্ৰমণ। যাক মুকৰ্মাইকোচিছ আৰু “Black Fungus”বুলি কয়। ক’ভিড১৯ টাস্ক ফ’ৰ্চৰ বিশেষজ্ঞসকলে জনোৱা মতে, পৰিৱেশত প্ৰাকৃতিকভাৱে থকা মুকৰ্মাইচিটেছ নামৰ এবিধ ভেকুৰৰ এটা গোটৰ ফলত এই ৰোগ হয়।প্ৰায়ে ছালত প্ৰকট হয় আৰু হাঁওফাঁও আৰু মগজুক প্ৰভাৱিত কৰে “Black fungus”য়ে।ইতিমধ্যে মহাৰাষ্ট্ৰত “Black fungus” ৰোগত আক্রান্ত হৈ ৫২গৰাকীৈ লোকৰ মৃত্যু হৈছে।