ডিজিটেল ডেস্কঃ এগৰাকী উচ্চশিক্ষিত যুৱকৰ মুগ্ধ কৰিব পৰা এটা কাহিনী। IITৰ এজন প্ৰাক্তন ছাত্ৰ তথা অভিযন্তা ইন্দুকুৰী। আমেৰিকা যুক্তৰাষ্ট্ৰত গাখীৰ ব্যৱসায়ৰ বাবে নামী-দামী চাকৰি কৰিও এৰি এইজন যুৱকে ভাৰতত ২০টা গৰু ক্ৰয় কৰি তেওঁৰ সেই এৰি দিছিল চাকৰি। বৰ্তমান ২০টা গৰুৰে আৰম্ভ কৰা ইন্দুকুৰীৰ এই গাখীৰৰ ব্যৱসায় সম্প্ৰতি ৰূপান্তৰিত হৈছে ৪৪ কোটি টকাৰ এক বৃহৎ কোম্পানীলৈ।সেয়ে এতিয়া সকলোতে চৰ্চাত আহি পৰিছে ইন্দুকুৰী। IIT খড়গপুৰৰ অভিযান্ত্ৰিক স্নাতক ইন্দুকুৰী হৈছে মূলতঃ কৰ্ণাটকৰ বাসিন্দা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্টৰেট ডিগ্ৰী। ইন্দুকুৰীয়ে আমেৰিকান টেক জায়াণ্ট ইণ্টেলত নিজৰ চাকৰি জীৱনৰ পাতনি মেলিছিলে। কিন্তু চাকৰি জীৱনতো যেন সন্তুষ্ট হোৱা নাছিল যুৱকজন। প্ৰায় ৬ বছৰৰ পিছত চাকৰিৰ পৰা নিজ বাসগৃহ কৰ্ণাটকলৈ উভতি আহিছিল ইন্দুকুৰী।তাৰ পিছত ইন্দুকুৰীয়ে হায়দৰাবাদত এক সুৰক্ষিত আৰু হাইজেনিক গাখীৰৰ বাবে অতি সীমিত বিকল্প দেখি ২০১২ চনত মাত্ৰ ২০ টা গৰুৰে আৰম্ভ কৰে গাখীৰৰ ব্যৱসায়। তেওঁলোকে প্ৰথমে নিজেই ঘৰে ঘৰে গাখীৰ বিতৰণ কৰিছিল ।পিছত ২০১৮চনত ইন্দুকুৰীয়ে দুগ্ধ পামখনৰ নাম ৰাখিলে তেওঁৰ পুত্ৰ সিদ্ধাৰ্থৰ নামেৰে “চিডছ ফাৰ্ম”। তেওঁলোকে হায়দৰাবাদ চহৰখনকে আদি কৰি ওচৰৰ প্ৰায় ৬,০০০ গ্ৰাহকক গাখীৰ প্ৰদান কৰিছিল । ইতিমধ্যে শ্বাহবাদত থকা এই চিডছ ফাৰ্মে ১২০ গৰাকী কৰ্মচাৰীক নিযুক্তি দিয়ে লগতে ৪০ কোটি টকালৈ সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে নিজৰ ব্যৱসায়।আজিৰ দিনত প্ৰতিদিনে প্ৰায় ১০,০০০ গ্ৰাহকক গাখীৰ প্ৰদান কৰি আহিছে ইন্দুকুৰীৰ এই ফাৰ্মে। গৰু আৰু ম’হৰ গাখীৰেৰে আৰম্ভ কৰা এতিয়া গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন, স্ক্ৰীন গাখীৰ, গৰুৰ গাখীৰৰ ঘিউ, ম’হৰ গাখীৰৰ ঘিউ আৰু মাখন, গৰু আৰু ম’হৰ দৈ আৰু জৈৱিক পনীৰকে ধৰি বিভিন্ন দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰিছে কোম্পানীটোৱে।১কোটিৰ ব্যয়েৰে আৰম্ভ কৰা এই ব্যৱসায়ে এতিয়া লাভ কৰিছে ৪৪কোটি টকা পৰ্যন্ত।