গৰমৰ দিনত আপুনি ঘৰুৱা উপায়েৰে নিজকে কেনেকৈ সুন্দৰ কৰি ৰাখিব?

ডিজিটেল ডেস্ক: নিজকে সুন্দৰ কৰি ৰাখিলে আমাৰ মনবোৰো প্ৰফুল্ল হৈ থাকে। কিন্তু এই ক্ষেত্ৰত বহুত সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়।যিহেতু গ্ৰীষ্ম কাল আৰম্ভ হ’লেই। গতিকে এই গৰমৰ দিনকেইটাত বহুতেই বহুত সমস্যাৰ সন্মুখীন হয়‌। বিভিন্ন সমস্যাৰ ভিতৰত প্ৰসৰ ৰ’দৰ ফলত ছাল ক’লা পৰা আৰু গৰমত ঘামৰ বাবে দেহত সৃষ্টি হোৱা দুৰ্গন্ধ আদি সমস্যাৰ সততে সন্মুখীন হও।আজি আপোনালোলৈ এই দুয়োটা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আগবঢ়াইছো।

১/ গৰমৰ দিনত ছাল ক’লা পৰা সমস্যাটোৰ সন্মুখীন কম বেছি পৰিমাণে আমি সকলোৱেই হওঁ। তাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্ৰথমে চামুচ এখনেৰে ডেৰ চামুচ ক’লা তিল লওক।তাৰ পিছত সেইখিনি পতাত পিহি লওক।ইয়াৰ পিছতে সেই তিলখিনিত অলপমান গাখীৰ দি এটা মিশ্ৰণ প্রস্তুত কৰক।পিছত সেই মিশ্ৰণখিনি আপোনাৰ ক’লা পৰা ঠাইখিনিত ধুনীয়া কৈ লগাই দিয়ক‌।এনেকৈয়ে একোটা মিশ্ৰণ বনাই অলপদিন একেৰাহে লগালে আপুনি নিশ্চয় সুফল লাভ কৰিব।

২/ গৰমৰ দিনত আমি অত্যাধিক গৰমৰ বাবেই ঘামো।যাৰ ফলত আমাৰ দেহৰ পৰা দুৰ্গন্ধ বাহিৰ হ’য়।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি গা ধুবলৈ লোৱা পানীখিনিত ডেৰটা বা দুটা নেমু চেপি তাৰ ৰস খিনি পানীখিনিত ধুনীয়া কৈ মিহলাই লওক।তাৰ পিছত সেইখিনি পানীৰে গা ধুৱক।এনেকৈ প্ৰতিদিনে গা ধুলে দেহৰ দুৰ্গন্ধ নোহোৱা হোৱাৰ লগতে ঘামচি জাতীয় সমস্যাৰ পৰাও আপুনি পৰিত্ৰাণ লাভ কৰিব ।সমান্তৰালভাৱে ছালখনো ধুনীয়া হ’ব।

Comments (0)
Add Comment