ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ দৰেই চলিত বৰ্ষটো কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই।তাৰ পৰিপ্ৰেক্ষিততেই দেশত সৃষ্টি হৈছে ভৱাবহ পৰিস্থিতিৰ।আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ ফলস্বৰূপে দেশত নাটনি হৈছে অক্সিজেনৰ।দেশৰ এনে সংকটৰ সময়ত চুবুৰীয়া কেইবাখনো দেশ সহায়ৰ বাবে আগবাঢ়ি অহাৰ লগতে আগবাঢ়ি আহিছে খেলুৱৈ আৰু বলিউডৰ তাৰকা সকল।সমান্তৰালভাৱে বলিউডৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাইও সহায়ৰ হাত আগবঢ়াই থকা পৰিলক্ষিত হৈছে।অভিনেত্ৰী গৰাকীয়ে চ’চিয়েল মেডিয়াৰ জৰিয়তে নিজৰ বন্ধু সকলক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই আহিছে।ইয়াৰোপৰিও অভিনেত্ৰী গৰাকীয়ে দেশৰ স্বাস্থ্য ব্যৱস্থাকো বিভিন্ন ধৰনে বিভিন্ন সময়ত সহায় সহযোগ আগবঢ়াই আহিছে।শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে ‘গিভ ইণ্ডিয়াৰ’ জৰিয়তে ভাৰতক সহায় আগবঢ়োৱাত অগ্ৰসৰ হৈছে।এই সংস্থাটোত বহুতো দেশ বিদেশৰ লোকে অনুদান আগবঢ়াইছে।যাৰ ফলত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ক্ৰয় কৰিছে ৫০০ অক্সিজেন কনচেনট্ৰেটৰ,৪২২ টা অক্সিজেন চিলিণ্ডাৰ আৰু ১০ টাকৈ ক’ভিড ভেকচিন কেন্দ্ৰ স্থাপন কৰিছে। য’ত অহা দুটা মাহত প্ৰায় ৬,০০০ ভাৰতীয় লোকে টিকাকৰণ লাভ কৰিব।