আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

ডিজিটেল ডেস্ক: আপুনি বাৰু চাহ খায়নে? চাহ প্ৰায় সংখ্যক লোকৰে প্ৰিয় পানীয়।সুখ,দুখ অৱসাদ আদি সকলোতে আগ স্থান দখল হেপাঁহৰ চাহ কাপৰ।অতি ভাগৰুৱা হৈ থকা সময়তো চাহ একাপৰ প্ৰয়োজনেই অনুভৱ কৰে সকলোৱে।পুৱাৰ পৰা গধুলৈকে অৱধাৰিত ভাৱেই চলে এই চাহৰ পৰ্ব ।চাহকাপেই যেন দূৰ কৰে শাৰীৰিক আৰু মানসিক অৱসাদ সমুহ।পৰিয়াল, বন্ধু-বৰ্গৰ পৰা আৰম্ভ কৰি প্ৰিয়জনলৈকে ভগাই লব পাৰি এই চাহ কাপ।অতি অন্তৰংগ মুহুৰ্ততো সংগ দিয়ে চাহকাপে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ।২০১৯ চনৰ ২১ ডিচেম্বৰত ।বিশ্বৰ বিভিন্ন দেশসমূহৰ যৌথ সংগঠন ৰাষ্ট্ৰসংঘৰ অধীনস্থ অনুষ্ঠান খাদ্য আৰু কৃষি সংস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই দিনটোক চাহৰ দিন হিচাপে উদযাপন কৰাৰ এক প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পিছৰে পৰাই ২১ মে’ দিনটো সকলোৱে পালন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে।আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপনৰ মূল লক্ষ্য হ’ল চাহ খেতি যে এক সাংস্কৃতিক, অৰ্থনৈতিক তথা সমৃদ্ধিশালী বুৰঞ্জীৰে পৰিপূৰ্ণ এই বিষয়ে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সজাগতা বৃদ্ধি কৰা।ইয়াৰোপৰিও চাহ উৎপাদক আৰু চাহ শ্ৰমিকসকলৰ পৰিস্থিতি সমুহ উন্নত কৰাৰ লক্ষ্য ও অন্তৰ্ভুক্ত হৈ আছে।প্ৰতি সময়ৰ সংগ চাহৰ চাহিদা আৰু আদৰ বাঢ়ক।আমাৰ তৰফৰ পৰাও চাহ প্ৰিয় সকলো লোকলৈ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Comments (0)
Add Comment