Daily Time Axom

ক’ভিড পৰিস্থিতিক লৈ কঠোৰ আৰক্ষী প্ৰশাসন।

0 7

ডিজিটেল ডেস্কঃ ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অধিক কঠোৰ হৈ পৰিছে চৰকাৰ তথা আৰক্ষী প্ৰশাসন।উল্লেখযোগ্য যে দেশৰ তথা ৰাজ্যৰ এই পৰিস্থিতিৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ কৰি দিয়া হয়  আন্তঃজিলা যাতায়ত ব্যৱস্থা ।আনহাতে ৰাজ্যত বিভিন্ন জিলাৰ সীমামূৰীয়া অঞ্চল সমূহতো গঢ়ি তোলা দেখা গৈছে আৰক্ষীৰ তালাচী অভিযান । অনুমতি অবিহনে কোনো লোককে যাতায়ত কৰিবলৈ দিয়া নহ’ব বুলি জনাইছে প্ৰশাসনে। গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্তটো বোকাখাত আৰক্ষীয়ে গঢ়ি তুলিছে তালাচী চকী। গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্ত বাগৰিতো বহিছে আৰক্ষীৰ শ্বেকিং পোষ্ট। আৰক্ষীয়ে জনোৱা মতে, অন্য জিলাৰ পৰা অহা অনুমতি বিহীন বাহন সমূহক গোলাঘাটত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

Leave A Reply

Your email address will not be published.