Daily Time Axom

স্বাস্থ্যবিভাগে ব্লেক ফাংগাছৰ বাবে জাৰি কৰিলে নতুন SOP ।

0 11

ডিজিটেল ডেস্ক:

১) ষ্টেৰয়ড ব্যৱহাৰ নকৰাকৈয়ে ব্লাড ছুগাৰ নিয়ন্ত্রণ কৰাৰ পৰামৰ্শ প্ৰদান।
২) সঠিক মাত্রাত আৰু সঠিক সময়তহে ষ্টেৰয়ড ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ।
৩) এন্টিবায়টিক আৰু এন্টি ফাংগেল ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ।
৪) অক্সিজেন থেৰাপিৰ সময়ত বিশুদ্ধ পানীৰ ব্যৱহাৰ কৰিব।
৫) হোম আইচলেশ্যনত থকা ৰোগীৰ বাবে বিশেষ নীতি-নিয়ম।
৬) ডায়েবেটিচ, কিডনী সংস্থাপন কৰা ৰোগীৰ বাবে বিশেষ উপদেশ ।
৭) মুখ আৰু গালৰ বিষৰ বাবে সতৰ্ক থাকিবলৈ উপদেশ।
৮) নাকৰ পৰা তেজ উলালে আৰু দুৰ্গন্ধ ওলালে সতৰ্ক হোৱাৰ উপদেশ।
৯) চকু ৰঙা পৰা, দৃষ্টি শক্তি কমি গ’লে শীঘ্রে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপদেশ।
১০) সাধাৰণ ৰাইজৰ বাবেও এক বিশেষ পৰামৰ্শ যে ধূলিময় স্থানত প্ৰৱেশ কৰিলে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰক।
১১) মাটি খুচৰা কাম বা যিকোনো মাটি কাম কৰোঁতে জোতা, লং পেন্ট, শৰীৰ সম্পূৰ্ণৰূপে ঢাক খোৱাকৈ ফুল চাৰ্ট,গ্লোভছ আদি পৰিধান কৰিবলৈ পৰামৰ্শ।
১২) ব্লেক ফাংগাছ ৰোগীক চিকিৎসা কৰিব লিপ’ছমেল এম্ফোটেৰিছিন বেজীৰে।

Leave A Reply

Your email address will not be published.