Daily Time Axom

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলাৰ ১নং জয়সাগৰ গাঁৱৰ এগৰাকী আশা কৰ্মীৰ ঠায়ে ঠায়ে সজাগতা সভা।

0 25

ডিজিটেল ডেস্কঃ দেশ তথা ৰাজ্যত এতিয়াও স্তব্ধ হোৱা নাই কৰ’নাৰ সংক্ৰমণ।সমান্তৰালভাৱে দ্ৰুত গতিত বাঢ়িব ধৰিছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।ইমান পিছতো ঠাই বিশেষে কিছু-কিছু অঞ্চলত কিছু লোকৰ মাজত সজাগতা দেখা পোৱা নাই । চৰকাৰে নতুন নীতি-নিৰ্দেশনা সময়ে- সময়ে ৰাইজৰ বাবে জাৰি কৰিছে যদিও গ্ৰাম্যাঞ্চলৰ কিছু লোকক সজাগ কৰাৰ পৰা যেন বহু দূৰত ।শুকুৰবাৰে নলবাৰী জিলাৰ ১নং জয়সাগৰ গাঁৱত মুকালমুৱা চিকিৎসালয়ৰ পৰা আশাৰ ছুপাৰ ভাইজ্যাৰ বুলু হালৈৰ নেতৃত্বত অহা এটি আশা কৰ্মীৰ সজাতি দলে জয়সাগৰ গাঁৱৰ কিছু সচেতন লোকক লগত লৈ “জয়সাগৰ কলীয়া ঠাকুৰ ৰাজহুৱা কীৰ্তন ঘৰ” প্ৰাংগণত অনুষ্ঠুপীয়াকৈ এখন সজাগতা সভাৰ আয়োজন কৰা দেখা গ’ল। সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি আয়োজন কৰা এই সজাগতা সভাখনত উপস্থিত থাকে জয়সাগৰ গাঁৱৰ আদর্শ আশাকৰ্মী ৰূপালী বৈশ্য। উল্লেখ্য যে ,ৰূপালী বৈশ্যই ক’ভিড অতিমাৰীৰ সময়ৰে পৰাই গাঁওখনৰ লোকসকলক সজাগ- সচেতন কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই অহা পৰিলক্ষিত হৈছে। তেওঁৰ এই চেষ্টাক অঞ্চলবাসীয়ে বাৰুকৈয়ে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.