ব্লেক ফাংগাছ কেনেকৈ চিনিব পাৰি? ইয়াৰ উপশম কিদৰে পাব পাৰি? জানোঁ আহক।

ডিজিটেল ডেস্কঃ ক’ভিডৰ সমান্তৰালভাৱে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ব্লেক ফাংগাছ সংক্ৰমণৰ ঘটনা। উল্লেখ্য যে গুজৰাট আৰু ৰাজস্থানত এই ৰোগৰ প্ৰকোপে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।দেশৰ ১০খন ৰাজ্য ইতিমধ্যেই ব্লেক ফাংগাছৰ চিকাৰ হৈছে। এই পৰিস্থিতি সাপেক্ষে নতুন গাইডলাইন জাৰি কৰিছে এইমছে। কেনেকৈ চিনিব পাৰিব এইবিধ ৰোগ?ইয়াৰ উপসৰ্গ কি কি? উপশম কিদৰে পাব পাৰি আদি বিষয় লৈ বিস্তাৰিতভাৱে জনোৱা হৈছে তলৰ নিৰ্দেশনাসমূহত:
১) নাক বন্ধ থকা, চকুৰ যন্ত্ৰণা আৰু মূৰৰ বিষ।
২) চকুৰ চাৰিওকাষে ফুলি যোৱাৰ দৰে ভাৱ, অস্পষ্ট দেখা।
৩) চকু ৰঙা হৈ পৰা, চকু বন্ধ কৰাত সমস্যাই দেখা দিয়া।
৪) নাকৰ পৰা মৰা তেজ ওলোৱা।
৫) খাদ্য চোবাওতে আৰু মুখ মেলিবলৈ সমস্যা হয়।

ব্লেক ফাংগাছৰ উপসৰ্গবোৰ হৈছেঃ
১) দৈনিক নিজৰ ব্লাড ছুগাৰ জুখিব লাগে।
২) ব্লেক ফাংগাছৰ উপসৰ্গৰ দৰে কোনো উপসৰ্গ শৰীৰত দেখা দিলেই ই এন টি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ কথা উপদেশ দিছে এইমছে।
৩)যিকোনো উপসৰ্গই দেখা দিলে নিজেই কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰিব।
৪) যিকোনো ৰোগৰ ঔষধ যদি খায় থাকিলে, তেন্তে সেয়া খাই থকাই ভাল।
৫)চিকিৎসকৰ পৰামৰ্শ লৈ চিটিস্কেনও কৰাব পাৰে।
কৰ’না মহামাৰীৰ পিছত এইবাৰ ব্লেক ফাংগাছক মহামাৰী আখ্যা দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লিখিত বিবৃতি প্ৰেৰণ কৰি ৰাজ্যসমূহক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

Comments (0)
Add Comment