Daily Time Axom

যোৱা ২৪ ঘন্টাত ২,৫৯,৫৫১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হ’ল ৩,৫৭,২৯৫ গৰাকীলোক

0 16

ডিজিটেল ডেস্ক: দেশত বৰ্তমান মহামাৰী ক’ভিডৰ দ্বিতীয়টো লহৰৰ তাণ্ডৱ । ক’ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণে শংকিত কৰিছে দেশৰ জনসাধাৰণক। অনিশ্চয়তাত ভুগিছে সকলোবোৰ লোক। প্ৰতিদিনাই বৃদ্ধি পাইছে মৃত্যু হোৱা আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।শেহতীয়াকৈ শুকুৰবাৰৰ পুৱালৈকে যোৱা ২৪ ঘন্টাত ২,৫৯,৫৫১ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড -১৯ ৰ অৱস্থিতি। সমান্তৰালভাৱে মৃত্যু হৈছে ৪,২০৯ গৰাকী ৰোগী। উল্লেখযোগ্য যে এই নতুন তথ্যখিনি যোগ কৰাৰ পিছত ভাৰতৰ ক’ভিড -১৯ ত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬০,৩১,৯৯১। ইয়াৰে ৩০,২৭,৯২৫ গৰাকী সম্পূৰ্ণ সক্ৰিয় ৰোগী। কিন্তু ইয়াৰ বিপৰীতে যোৱা ২৪ ঘন্টাত ৩,৫৭,২৯৫ গৰাকীলোকে ক’ভিড -১৯ জয় কৰি আৰোগ্য লাভ কৰিছে।

Leave A Reply

Your email address will not be published.