সৰুক্ষেত্ৰীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছেনিটাইজিং আৰু সজাগতা অভিযান।

ডিজিটেল ডেস্কঃ দেশৰ এনে জটিল পৰিস্থিতিত জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে চৰকাৰ,আৰক্ষীৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলেও ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজক সজাগ আৰু সাবধানতা অৱলম্বন কৰাৰ বাবে অহুপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। আনকি এই সংঘৰ স্বয়ংসেৱকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশ তথা ৰাজ্যবাসীৰ মংগলাৰ্থে অহৰহ ভাৱে কাম কৰি আহিছে।উল্লেখ্য যে, বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ অন্তৰ্গত গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱকসকলে দেশ আৰু জাতিৰ স্বাৰ্থত অহৰহ ভাবে কাম কৰি অহা পৰিলক্ষিত হৈছে।

শুকুৰবাৰে গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱক সকলে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে অঞ্চলটোত চেনিটাইজিং কাৰ্যসূচী ৰূপায়ন কৰে। লাচিত শাখাৰ স্বয়ংসেৱক সকলে গহিয়া ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্র, গহিয়া পশু চিকিৎসা উপ কেন্দ্র, গহিয়া বজাৰ এলেকা, গড়ৰতাৰিস্থ পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত কাৰ্যালয়, পশ্চিম সৰুক্ষেত্ৰী সমবায় সমিতিৰ কাৰ্যালয় প্ৰাংগন, গড়ৰতাৰি বজাৰৰ লগতে অঞ্চলটোৰ মন্দিৰ, নামঘৰ, জিৰণি চ’ৰা আদিত চেনিটাইজিং কৰে লগতে স্বয়ংসেৱকসকলে সকলো ৰাইজে যাতে মাস্ক ব্যৱহাৰ কৰে , সঘনাই হাত ধুৱা, অতি প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নোলোৱা,জনসমাগম পৰিহাৰ কৰি চলা, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ হাটে-বজাৰে ৰাইজক সজাগ কৰা আদিৰ বাবে অভিযান চলায়।

তদুপৰি, লাচিত শাখাৰ স্বয়ংসেৱকসকলে ৪৫ বছৰ উৰ্দ্ধৰ যিসকল লোকে এতিয়াও ভেকচিন লোৱা নাই তেওঁলোকক অতি সোনকালে ভেকচিন ল’বৰ বাবে অনুৰোধ কৰে। ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক নিজৰ নাম পঞ্জীয়ন কৰি ভেকচিন ল’বলৈ আহ্বান জনায়। এইক্ষেত্ৰত পঞ্জীয়ন কৰিবলৈ অপৰাগ লোকসকলক স্বয়ংসেৱক সকলে পঞ্জীয়ন কৰাত সহায় কৰিব বুলিও ৰাইজক অৱগত কৰে। দেশত কৰ’ণা মহামাৰীৰ সময়ত ৰাইজক সজাগ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলে জনসজাগতাৰ বাবে লোৱা এনে পদক্ষেপক সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment