ক’ভিড প্ৰতিষেধক 2-DGৰ প্ৰস্তুতকৰণত ড০ জুবিলী পুৰকায়স্থ নামৰ এগৰাকী অসমীয়াৰ অৱদান।
ডিজিটেল ডেস্কঃ ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত কেইদিনমান পূৰ্বে DRDOই প্ৰস্তুত ৰ
কৰি উলিয়াইছিল 2-DG নামৰ ঔষধবিধ। এই ক’ভিড প্ৰতিষেধকবিধ প্ৰস্তুতৰ আঁৰত আছে এগৰাকী অসমীয়া মহিলাৰ যথেষ্ট অৱদান । অসম সন্তান এই গৰাকী বিজ্ঞানীৰ নাম হৈছে জুবিলী পুৰকায়স্থ ।কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত এলেকাৰ মহিষাসন নামৰ এখন গাঁৱৰ ড০ জুবিলী পুৰকায়স্থই এতিয়া সমগ্ৰ অসমবাসীকেই গৌৰৱান্বিত কৰি তুলিছে।
DRDOৰ গৱেষণা সংস্থা INMAS (Institute Of Nuclear Medicine And Allied Sciences)ৰ এটি দলৰ সৈতে প্ৰস্তুত কৰিলে কৰ’নাৰ ঔষধ 2-DG |উল্লেখ্যনীয় যে, কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহিষাসন গাঁৱৰ সুদৰ্শন পুৰকায়স্থ আৰু বিনয় কুমাৰী পুৰকায়স্থৰ জীবন ড০ জুবিলী পুৰকায়স্থ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান জুবিলীয়ে গাঁৱৰ ৪৪ নং মহিষাসন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈছিল। তাৰপিছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলী পুৰকায়স্থই যোৰহাটৰ Regional Research Laboratory বৰ্তমানৰ North East Institute of Science And Technologyত নামভৰ্তি কৰিছিল।যোৰহাটৰ এইখন ইন্সটিটিউটৰ পৰাই PHD ডিগ্ৰী লাভ কৰি তেজপুৰত DRDOৰ Defence Research Laboratoryত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত হৈ ২০১৪ চনতে তেওঁ দিল্লীলৈ যায় ।ড০ জুবিলীৰ বাবে এই দীঘলীয়া যাত্ৰাও মসৃণ নাছিল । বৰ্তমানে পিতৃহাৰা ড০ জুবিলী মাতৃ বিনয় কুমাৰী পুৰকায়স্থৰ সৈতে দিল্লীত বসবাস কৰি আছে ।