Daily Time Axom

ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে কৰ’নাৰ ৰোগীৰ বাবে বহন কৰিছে প্ৰশংসীয় পদক্ষেপ।

0 9

ডিজিটেল ডেস্ক: মুম্বাইত অনাগত দিনত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকাৰে এতিয়াই সাজু হৈছে ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাল।ক’ভিডৰ চিকিৎসাৰ বাবে শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ৰিটিকেল কেয়াৰ ইউনিট বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান হাস্পতালখনৰ। মুম্বাইত হাস্পতালখনে নিজেই এই ক্ষেত্ৰত কাম কৰিব লগতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বৃহত্তৰ মুম্বাই পৌৰ নিগমেও সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব।উল্লেখযোগ্য যে, ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ চিকিৎসাৰ ব্যৱস্থাতো অধিক গুৰুত্ব দিছে। আনহাতে হাস্পতালখনে এই মূহুৰ্তত ৱৰ্লিত থকা নেচনেল স্পৰ্টছ ক্লাৱ অৱ ইণ্ডিয়াত ৬৫০খন বিছনা যুক্ত ক’ভিড কেয়াৰৰ বাবে অব্যাহত ৰাখিছে। ইয়াৰে ১০০ খন বিছনা কেৱল শিশুৰ বাবে সংৰক্ষিত ৰখা হৈছে বুলি জানিবলৈ দিয়ে।তাৰোপৰি এই ১০০খন বিছনাৰ ২০ খন হৈছে ICU বিছনা। ICU বিছনাসমূহৰ সৈতে শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে ভেণ্টিলেটৰ, মনিটৰ, ডায়েলাইছিছ ছাপোৰ্ট আৰু অক্সিজেন আদিৰো ব্যৱস্থা কৰিছে।হাস্পতালখনৰ চিকিৎসক, নাৰ্ছ আৰু অন্য কৰ্মচাৰীকে ধৰি এই কেন্দ্ৰটোত ৫০০ৰো অধিক ফ্ৰণ্টলাইন কৰ্মীয়ে সেৱা আগবঢ়াইছে। হাস্পতালখনত ভৰ্তি হোৱা সকলো ক’ভিড ৰোগীক ৰিলায়েন্স ফাউণ্ডেচনৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা দিয়া হৈছে।ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা নিতা আম্বানীয়ে “এই সংকটৰ সময়ত যিসকল লোকে দুখ-যন্ত্ৰণা ভূগিছে আৰু যি সকলে নিজৰ আত্মীয়সকলক হেৰুৱাইছে আমি তেওঁলোকৰ দুখৰ প্ৰতি সমবেদনা জনাই এনে পদক্ষেপ গ্ৰহণ কৰিছে” বুলি মন্তব্য দিয়ে।উল্লেখ্য যে বিগত বৰ্ষতো কৰ’না যুঁজিৰ ক্ষেত্ৰত মহান ভূমিকা লৈছিল ৰিলায়েন্স ফাউণ্ডেচনে।

Leave A Reply

Your email address will not be published.