Daily Time Axom

সোমবাৰৰ পৰা আৰম্ভ হ’ব লগা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাগ লব অসম কন্যা লাভনীলাই

0 11

ডিজিটেল ডেস্ক: অলিম্পিকত ভাগ লব লগা বক্সাৰ সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা এছিয়ান বক্সিং চেম্পিয়নশ্বিপ । সোমবাৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনি । এই প্ৰতিযোগিতা খনিত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৯ জন পুৰুষ আৰু ১০ গৰাকী মহিলা বক্সাৰে।তাৰে ভিৰতৰ এম চি মেৰি কম,পুজা ৰাণী ,সিমৰণজিৎ কৌৰ আৰু লাভলীনা বৰগোহাঁই থাকিব। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে অসম কন্যা লাভলীনাই।

এই বছৰৰে মাৰ্চ মাহত স্পেইনৰ বক্সাম ইভেন্টত প্ৰতিনিধিত্ব আগবঢ়াইছিল লাভলীনাই।এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে প্ৰৱল আগ্ৰহী আৰু উৎসাহী লাভলীনাই আত্মবিশ্বাসেৰে আগুৱাই গৈছে ।

Leave A Reply

Your email address will not be published.