সাৱধান!২৬আৰু ২৭মে’ত বংগোপসাগৰৰ পৰা উৎপত্তি হোৱা সাগৰীয় ঘূৰ্ণী “য়াছ” ৰ প্ৰভাৱ পৰিব অসমতো।

ডিজিটেল ডেস্কঃ এইবাৰ সাগৰীয় ঘূৰ্ণীবতাহৰ আশংকাই দেখা দিছে দেশৰ পূৱ -পশ্চিম প্ৰান্তত। কেইদিনমান পূৰ্বে পশ্চিমৰ ভালেকেইখন ৰাজ্যত ঘূৰ্ণীবতাহ ‘টাওটে’ৰ সংহাৰী ধাৰণ কৰিছিল। আৰৱ সাগৰৰ পৰা উৎপত্তি হোৱা ঘূৰ্ণীবতাহ “টাওটে’ৰ ধ্বংস কৰিছিল গুজৰাট, আহমেদাবাদকে ধৰি বহুকেইখন ৰাজ্য।উল্লেখ্য যে,এইবাৰ বংগোপসাগৰৰ পৰা উৎপন্ন হৈছে আন এক সাগৰীয় ঘূৰ্ণীবতাহ ।যাৰ বৈজ্ঞানিক সকলে নামাকৰণ কৰিছে “য়াছ” নামেৰে।ইতিমধ্যে পশ্চিমবংগ, উৰিষ্যাকে ধৰি বহুকেইখন ৰাজ্যত এলাৰ্ট কৰি দিয়া হৈছে।লক্ষ্যনীয় যে,২৬ আৰু ২৭মে’ত অসমত প্ৰভাৱ পৰিব বংগোপসাগৰৰ পৰা উৎপত্তি হোৱা ঘূৰ্ণীবতাহ “য়াছ” ৰ। সাজু হৈ পৰিছে উদ্ধাৰকাৰী বাহিনীও।কেইবাখনো ৰাজ্য এলাৰ্টত আছে বুলি জনায় বিজ্ঞানীসকলে। গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাত মিলিত হৈছে ফোনযোগে।হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰস্তুতিৰ বাবে বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে লগতে ছিক্কিম আৰু মেঘালয়ৰো প্ৰস্তুতিৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে।এই ঘূৰ্ণীবতাহৰ বৃষ্টিতি বহুত বেছি হোৱাৰ হেতুকে ক্ষতি আৰু আশংকা বহু বেছি বুলি ধাৰণা বৈজ্ঞানিক মহলৰ।উত্তৰ বংগোপসাগৰত অতি শক্তিশালী এই ঘূৰ্ণীবতাহ “য়াছ” ৰ গতিবেগ হ’ব পাৰে ১৬০ পৰা ১৯০কি.মি. পৰ্যন্ত। আনহাতে ২৪মে’ৰ পৰা ২৯মে’ ৰ লৈকে ২৫খনকৈ ৰে’ল বাতিল কৰিলে ৰে’লৱে কৰ্তৃপক্ষই।দেওবাৰে ঘূৰ্ণীবতাহ সম্পৰ্কীয় এক বৈঠকত বহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামুদ্রিক কাৰ্যকলাপৰ লগত জড়িত থকা কৰ্মীসকলক সময়মতে জনসাধাৰণক সুৰক্ষিত স্থানলৈ লৈ যাবৰ বাবে নিৰ্দেশ দিয়ে।

Comments (0)
Add Comment