ঘৰুৱাভাৱে চুলিৰ যতন কেনেকৈ ল’ব?

ডিজিটেল ডেস্ক: মহিলা সকলৰ বাবে চুলি সৌন্দৰ্যৰ কাৰক বুলি সকলোৰে জ্ঞাত।চুলিয়ে নাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰে।সেয়েহে চুলি প্ৰায় সকলো নাৰীৰে প্ৰিয়।এই চুলিৰে ঘৰুৱাভাৱে ল’ব পৰা যতনৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিম।

১/আমাৰ সকলোৰে ঘৰত পিয়াঁজ আৰু নহৰু দুয়ো বিধকে সততে পোৱা যায়‌।এই দুইবিধে আমাৰ চুলিক যথেষ্ট উপকাৰ সাধন কৰে।আপুনি পিয়াঁজ অলপ লৈ সেইখিনি পিহি লৈ আপোনাৰ চুলিত ধুনীয়া কৈ লগাওক।প্ৰায় ১৫ ৰ পৰা ২০ মিনিট মান সময় সেইখিনি ৰাখি চেম্পুৰে আপোনাৰ চুলিখিনি ধুই দিয়ক।সপ্তাহত এনেদৰে দুই তিনিবাৰ কৰিলে নিশ্চয়কৈ সুফল লাভ কৰিব।ইয়াৰ লগতে আপুনি কেইফুটামান নহৰু থেতেলিয়াই লওক।ইয়াৰ পিছতে থেতেলিয়াই লোৱা নহৰু কেইফুট নাৰিকল তেলৰ লগত মিহলাই অলপ উতলাই লওক।তাৰ পিছত সেইখিনি চেঁচা হ’বলৈ দিয়ক।অকনমান গৰম হৈ থাকোতেই সেইখিনি আপোনাৰ চুলিত ঘঁহি মালিচৰ দৰে কুমলকৈ লগাওক।সপ্তাহত দুই তিনিবাৰ এনে কৰিব পাৰে।নিয়মীয়া কৈ এনে কৰিলে চুলিৰ শ্ৰীবৃদ্ধি হ’য়।

Comments (0)
Add Comment