স্বাস্থ্য বিভাগৰ সদস্যক দেখিলেই নদীত জাপ দিয়ে এখন গাঁৱৰ ৰাইজে।কিন্তু কিয়?
ডিজিটেল ডেস্ক: সমগ্ৰ দেশেই এতিয়া যুজঁ দি আছে ক’ভিড -১৯ ৰ বিৰুদ্ধে।দেশৰ প্ৰতিখন ৰাজ্যতে এতিয়া ক’ভিডৰ তাণ্ডৱ।অনিশ্চয়তা আৰু শংকাত দিন কটাইছে দেশৰ জনসাধাৰণে।ক’ভিডক ৰোধ কৰাৰ বাবে সকলোৱে গ্ৰহণ কৰিছে ক’ভিড ভেকচিন।সমগ্ৰ দেশতে এতিয়া অব্যাহত আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া।উত্তৰ প্ৰদেশৰ গ্ৰাম্য অঞ্চল সমূহত ভেকচিন প্ৰদান কৰিবলৈ গৈ বিমোৰত পৰিছে স্বাস্থ্য বিভাগ।স্বাস্থ্য বিভাগে উত্তৰ প্ৰদেশৰ আটাইবোৰ গাওঁ সামৰি লৈছিল ক’ভিড ভেকচিন প্ৰদানৰ বাবে।লখনৌৰ পৰা প্ৰায় ৫০ কি:মিটাৰতকৈ কম দূৰত্বৰ জিলা এখনত মুঠ ১.২ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখিছিল যদিও বৰ্তমান সেয়া স্বাস্থ্য বিভাগৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।গাওঁ সমুহৰ লোকসকলে স্বাস্থ্য বিভাগৰ লোকসকলক দেখাৰ লগে লগেই সৃষ্টি কৰে অভাৱনীয় পৰিস্থিতিৰ।ভেকচিনৰ পৰা বাচিবলৈ গাঁৱৰ লোকসকলে নদীত জাপ দিয়ে।উল্লেখযোগ্য যে গাঁৱসমূহত কোনো লোকে ক’ভিড ভেকচিন ললে মৃত্যু হ’ব বুলি অপপ্ৰচাৰ চলাই।যাৰ ফলত গাঁৱৰ লোকসকলে এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে।গাঁৱবাসীৰ এনে মনোভাৱত এতিয়া বিমোৰত পৰিছে স্বাস্থ্য বিভাগ।