নিজ কন্যাৰ মৃতদেহ লৈ এজন পিতৃৰ অকলশৰীয়া শ্মশান যাত্রাৰ এক মৰ্মান্তিক ঘটনা।

ডিজিটেল ডেস্কঃ কৰ’নাই নিতৌ প্ৰাণ লৈছে বহু হাজাৰ হাজাৰ লোকৰ। হেৰুৱাইছে আপোন মানুহবোৰক।কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত চিকিৎসালয়সমূহতো বিছনা, অক্সিজেন আদিৰ বাবে ৰোগীসকলৰ আত্মীয়ৰ লৰা-ঢপৰা। আনহাতে কৰ’বাত কৰ’বাত কৰ’না ৰোগীৰ শেষকৃত্য সম্পন্ন কৰাক লৈ চলিছে ধনৰ লেনদেন।এনে সময়তে ৰাজস্থানত কৰ’নাত আক্রান্ত হৈ মৃত্যু হোৱা এজনী ছোৱালীক নিজ পিতৃয়ে গাড়ীত বহোৱাই ৮৫কিলোমিটাৰ নিলগৰ শ্মশানলৈ অকলেই কঢ়িয়াই নিয়ে। কন্যাৰ মৃতদেহ শ্মশানলৈ নিবৰ বাবে মানুহজনে এম্বুলেন্সৰ যোগাযোগ কৰাত এম্বুলেন্সসমূহে ৮৫কিঃমিঃ আতঁৰৰ শ্মশানলৈ নিবৰ বাবে তেওঁৰ পৰা দাবী কৰিছিল ৩৫হাজাৰ টকা। এনে ঘটনাৰ বাবে কন্যাৰ অকাল বিয়োগত ভাগি পৰা পিতৃয়ে অকলেই শ্মশান যাত্ৰা কৰিবলৈ বাধ্য হয়।

Comments (0)
Add Comment