Daily Time Axom

১কিলোগ্ৰাম ওজনৰ মংগলসূত্ৰডাল পৰিধান কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এগৰাকী মহিলা।

0 18

ডিজিটেল ডেস্কঃ কেতিয়াবা আপুনি ১কিলোগ্ৰাম মংগলসূত্ৰৰ বিষয়ে শুনিছেনে?শুনিবলৈ এক আঁচৰিত ধৰণৰ কথা যেন লগা এই বিষয়। বিবাহিত মহিলাই প্ৰায় ভাগে মংগলসূত্ৰ পৰিধান কৰে বিভিন্ন ধৰণৰ। কিন্তু মুম্বাইৰ এগৰাকী মহিলাই পৰিধান কৰে ১ কিলোগ্ৰামৰ এডাল মংগলসূত্ৰ। ডিঙিৰ পৰা আঁঠুৰ লৈকে পৰা মংগলসূত্ৰ পৰিধান কৰি মুম্বাইত এতিয়া চৰ্চাত আছে এইগৰাকী মহিলা। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত মুম্বাইৰ ভিওৱান্দিৰ বালা নামৰ লোকজনক আৰু বৃহৎ আকৃতিৰ মংগলসূত্ৰ পৰিধান কৰা মহিলাগৰাকীক আৰক্ষীয়ে সোধা-পোছাৰ বাবে থানালৈ নিয়ে। কিয়নো এনে বৃহৎ পৰিমাণৰ সোণবৰণীয়া মংগলসূত্ৰই বিপদত পেলাব পাৰে এই দম্পত্তিক। আৰক্ষীয়ে সোধ-পোছ কৰাত কয় যে সোণৰ যেন লগা ১কিলোগ্ৰাম ওজনৰ মংগলসূত্ৰডাল প্ৰকৃততে সোণৰ নহয়, সোণৰ পানী চৰোৱা হে আৰু এইডালৰ মূল্য ৩৮হাজাক টকা।

Leave A Reply

Your email address will not be published.