Daily Time Axom

গৌৰৱান্বিত!সেনাৰ পোছাক পিন্ধি দেশমাতৃৰ হৈ প্ৰাণ আহুতি দিয়া স্বামীক যোগ্য সন্মান দিলে পত্নীয়ে।

0 7

ডিজিটেল ডেস্কঃ সকলোৰে হৃদয় চুই যোৱা এক ঘটনা। ২০১৯চনৰ পুলৱামাৰ সন্ত্রাসবাদীৰ সেই আক্ৰমণৰ ঘটনা। শ্বহীদ হৈছিল বহুকেইজন ভাৰতীয় সেনা। তাৰ ভিতৰতে আছিল বীৰ যোদ্ধা, মেজৰ বিভূতি শংকৰ ধৌন্দিয়াল। তেওঁ এৰি থৈ গৈছিল ৯ মাহ পূৰ্বে বিবাহ কৰোৱা পত্নী নীতিকাক। দেশমাতৃৰ হৈ প্ৰাণ আহুতি দিয়া স্বামীৰ মৃত শৰীৰ থকা কফিনত চুই বাৰে বাৰে নীতিকাই কৈছিল যে,”মই তোমাক ভাল পাওঁ বিভূ, সদায় ভাল পায় থাকিম”।আনহাতে শ্বহীদ মেজৰ বিভূতি শংকৰ ধৌন্দিয়ালক সন্মানিত কৰিছিল” সূৰ্যচক্ৰ বঁটাৰে”।
সময় বাগৰিল,পুলৱামাৰ সেই ভয়ংকৰ স্মৃতি বুকুত বান্ধি লৈ আছিল নীতিকাই। কিন্তু হতাশ হৈ থমকি ৰোৱা নাছিল বীৰ যোদ্ধা বিভূতিৰ পত্নী নীতিকা। অৱশেষত পুলৱামাত সেনাৰ পোছাকতে শ্বহীদ হোৱা স্বামীক সোৱঁৰি পত্নী নীতিকাই পিন্ধিলে সেনাৰ পোছাক। নীতিকা হ’লগৈ লেফটেনেন্ট। শ্বহীদ বিভূতি শংকৰ ধৌন্দিয়ালৰ পত্নী এতিয়া লেফটেনেন্ট নীতিকা ধৌন্দিয়াল।


স্বামীৰ মৃত্যুৰ পিছত ভাগি নপৰা নীতিকাই কৰপ’ৰেট খণ্ডৰ চাকৰি এৰি SSC ৰ পৰীক্ষা দিছিল, তাতো উত্তীৰ্ণ হ’ল নীতিকা। তাৰপিছত SERVICE SELECTION BOARD চমুকৈ SSBৰ সাক্ষাৎকাৰতো উত্তীৰ্ণ হৈছিল নীতিকা। চেন্নাই অফিচাৰচ ট্ৰেইনিং টেন্টাৰ একাডেমীত প্ৰশিক্ষণত থাকিল নীতিকা।চেন্নাইত বন্ধু বৰ্গৰ সৈতে কঠোৰ প্ৰশিক্ষণ ল’লে লেফটেনেন্ট নীতিকাই। শেষত ভাৰতীয় সেনাত আনুষ্ঠানিকভাৱে ভৰ্তি হ’বলৈ সক্ষম হ’ল নীতিকা। নীতিকাই ক’লে যে তেওঁৰ এই কঠোৰ পৰিস্থিতিত আগুৱাই যোৱাত সম্পূর্ণভাৱে সহযোগ কৰিছিল নীতিকাৰ মাতৃ,শাহু, পৰিয়ালবৰ্গই। নীতিকাই সেনাৰ পোছাক পিন্ধি পুনৰ শ্বহীদ স্বামীক সোৱঁৰি ক’লে, “বিভূ মই তোমাক ভাল পাওঁ ,মই তোমাৰ লগতে আছো আৰু সদায়ে তোমাৰ হৈয়ে থাকিম। “এজন বীৰ যোদ্ধাৰ প্ৰতি ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ’ব পাৰে!

Leave A Reply

Your email address will not be published.