Daily Time Axom

নিশা ভালকৈ টোপনি নাহে নেকি?লগতে জানক সুস্থ, উজ্জ্বল ছালৰ বাবে সাধাৰণ টিপস।

0 7

ডিজিটেল ডেস্কঃ এটা স্বাস্থ্যৱান শৰীৰৰ বাবে ঘি হৈছে অতি গুৰুত্বপূৰ্ণ। নিশা গৰম গাখীৰত এচামুচ ঘি মিহলাই সেৱন কৰিলে আমাৰ শৰীৰত কেনেধৰণৰ ইতিবাচক লাভালাভ প্ৰদান কৰে জানোঁ আহকঃ
১) ভাল টোপনিৰ বাবেঃচাপ হ্ৰাস কৰি ৰখা আৰু মগজু ভাল ৰখাত ঘি অতি উপযোগী। একাপ গৰম গাখীৰত ঘি মিহলাই সেৱন কৰিলে স্নায়ুবোৰ শান্ত কৰি ৰাখে আৰু আৰাম দিয়ে, যিয়ে ভাল দৰে টোপনি যোৱাত যথেষ্ট সহায় কৰে।
২) সুস্থ,উজ্জ্বল ছালঃসুস্থ আৰু উজ্জ্বল ছালৰ বাবে আপুনি ঘি ,গাখীৰ উপকাৰী।যিয়ে আমাৰ ছালক বহু লাভালাভ দিয়ে। আচলতে ঘি আৰু গাখীৰ দুয়োটা হৈছে এক প্ৰাকৃতিক ময়শ্বাৰাইজাৰ যিয়ে ছালক প্ৰাকৃতিকভাৱে পুষ্টি প্ৰদান কৰিব পাৰে। সেইবাবে প্ৰতিদিনে গাখীৰত ঘি মিহলাই সেৱন কৰিব লাগে যাতে ছালৰ বয়স হ্ৰাস আৰু শুস্কতা নোহোৱা হয়।
৩)পেটৰ সমস্যাঃগাখীৰত ঘি মিহলাই সেৱন কৰিলে শৰীৰৰ ভিতৰত এনজাইম মুকলি হৈ পাচন শক্তি বৃদ্ধি কৰাত সহায় কৰে। এনজাইমে খাদ্যৰ জটিলতা ভাঙে আৰু হজম উন্নত কৰি তুলাত সহায় কৰে।
৪) হজম শক্তি বৃদ্ধিঃনিশা নিয়মীয়াকৈ এগিলাচ গাখীৰত ঘি মিহলাই সেৱন কৰিব লাগে, তেতিয়া আপোনাৰ হজমৰ ওপৰত যথেষ্ট সহায়ক হ’ব। ই বিপাক ক্ৰিয়া বৃদ্ধি কৰে লগতে হজম প্ৰণালী শক্তিশালী কৰে। পাকস্থলীত গেছ উৎপন্ন হোৱাৰ লগতে মুখৰ আলচাৰ আদি বিভিন্ন সমস্যা নাইকিয়া কৰে।
৫) গাঁঠিৰ বিষঃ গাঁঠিৰ বিষত ভুগি থকা লোকে সোনকালে এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘি আৰু গাখীৰ সেৱন কৰিবলৈ লওঁক। যিয়ে আপোনাৰ গাঁঠিবোৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব আৰু হাড়বোৰ শক্তিশালী কৰে।

Leave A Reply

Your email address will not be published.