চিন্তিত কৃষক!সৰুপথাৰত খেতিৰ খৰাং সদৃশ পৰিৱেশ।
ডিজিটেল ডেস্কঃ প্ৰচুৰ ধান আৰু শাকপাচলি উৎপাদন হোৱা গোলাঘাট জিলাৰ সীমামুৰীয়া ধনশিৰি মহকুমাত কৃষক ৰাইজে ধান খেতিৰ বাবে প্ৰায়ে পানীৰ অভাৱত সাংঘাতিক ধৰণে দুৰ্ভোগ ভুগি আহিছে।সম্প্ৰতি ধনশিৰি মহকুমাত এই বছৰো কৃষকৰ খেতি পথাৰসমূহ বৰ্তমান পৰ্যন্ত চিৰাল ফাঁট দি থকাৰ ভয়ানক পৰিস্থিতিয়ে মহকুমাটোৰ কৃষক ৰাইজক বাৰুকৈয়ে বিপাঙত পেলাইছে।উল্লেখ যে, জেঠ মাহত ভৰি দিলে যদিও পথাৰত নাই পানী।ধনশিৰি মহকুমাত কৃষক ৰাইজে ধানৰ বীজ সিঁচিবলৈ পানীৰ বাবে হাহাকাৰ কৰিব লগা এক পৰিবেশ সৃষ্টি হৈছে।
বিশেষকৈ মহকুমাটোৰ সৰুপথাৰ আৰু বৰপথাৰ মৌজাৰ অন্তৰ্গত ৰাজহ এলেকাৰ গাওঁসমূহৰ লগতে টেঙানী আৰু সীমান্তৱৰ্তী বনাঞ্চলৰ গাওঁসমূহতো বৰষুণ নোহোৱাৰ ফলত কৃষক ৰাইজ বাৰুকৈয়ে এইবাৰ বিপাঙত পৰা পৰিলক্ষিত হৈছে।আনহাতে এজাক বৰষুণ আহিলেই পথাৰত পানী হোৱাৰ আশাত একাংশই শুকানে শুকানে হাল বায় মাটি ছাহ কৰি থৈছে যদিও বৰুণ দেৱতাৰ সু-দৃষ্টি নপৰাত কৃষক ৰাইজে হুমুনিয়াহ কাঢ়িব লগাত পৰিছে।আন একাংশই আকৌ খেতি পথাৰসমূহ শুকানে শুকানে ছাহ কৰি ধানৰ বীজ সিচাও পৰিলক্ষিত হৈছে।বৰ্তমান প্ৰসৰ ৰ’দৰ তাপত কৃষকৰ খেতি পথাৰসমূহ শিলৰ দৰে কঠিন হৈ পৰিছে।ইফালে নিধিৰাম চৰ্দাৰৰ দৰে হাত সাৱটি বহি থকা ধনশিৰি মহকুমাৰ সৰুপথাৰৰ জলসিঞ্চন বিভাগটোৱেও অলপো গুৰুত্ব নিদিয়াৰ এক গুৰুত্বৰ ৰাজহুৱা অভিযোগ উঠিছে।মহকুমাটোত কৃষক ৰাইজৰ সুবিধা অসুবিধা আদি নিৰীক্ষণৰ বাবে থকা বিৰাগোম জলসিঞ্চন বিভাগটো যেন কানসাৰবিহীন। মহকুমাটোৰ চুকে কোনে ভালেসংখ্যক গভীৰ, অগভীৰ নলীনাদ আৰু উত্তোলন জলসিঞ্চন আঁচনি আছে যদিও এইবিলাক বিভাগীয়ভাৱে মেৰামতি আৰু সংৰক্ষণৰ অভাৱত বহু আঁচনি বছৰ বছৰ ধৰি বিকল হৈ পৰি আছে।আনহাতে ৰজাঘৰেও এই বিৰাগোম জলসিঞ্চন বিভাগটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া দেখা নাযায়।তাৎপৰ্যপূৰ্ণ যে ধান আৰু শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত বিশেষ সুনাম থকা ধনশিৰি মহকুমাটোৰ চাৰিওদিশে দৈয়াং, ধনশিৰি আৰু ৰেংমা নদী কেইখনে আগুৰি আছে।মহকুমাটোৰ উৰিয়ামঘাটৰ নপানীত উত্তোলন জলসিঞ্চন আৰু ৰেংমা নদীৰ ওপৰত নিৰ্মাণ কৰা বহুমুখী জলসিঞ্চন আঁচনিৰ প্ৰকল্প দুটাত বৰ্তমান সময়ত কাৰ্যক্ষম হোৱা হ’লে বৃহত্তৰ অঞ্চলজুৰি কৃষক ৰাইজ যথেষ্ট সকাহ পালে হেঁতেন বুলি মন্তব্য কৰিছে। মহকুমাটোৰ চুকে-কুনে বিকল হৈ থকা জলসিঞ্চন আঁচনি সমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাতো খুবেই জৰুৰী হৈ পৰিছে। কৃষক সকলৰ কৃষি ভূমিত ঠায়ে ঠায়ে নতুনকৈ গভীৰ, অগভীৰ আৰু চেল’টিউবৱেল বহুৱাৰ ব্যৱস্থা হাতত ল’বলৈ কৃষক ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।