Daily Time Axom

“টাৰ্জান”ৰ অভিনেতা জোচেফ লাৰাৰ দুৰ্ঘটনাত মৃত্যু।

0 9

ডিজিটেল ডেস্কঃ নব্বৈ দশকৰ “টাৰ্জান”ৰ অভিনেতা জোচেফ লাৰাৰ মৃত্যু ।শনিবৰে এখন ব্যক্তিগত বিমানেৰে নিজ পত্নীৰ সৈতে যাত্রা কৰি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে আমেৰিকাৰ অভিনেতা জোচেফ লাৰা ওৰফে জ’ লাৰা।”টাৰ্জান”ৰ উপৰিও জোচেফ লাৰাই ” জোৱে ষ্টীল ফন্টিয়াৰ”, “চনচেট হিট”, “গানছ স্মক” আদিতো অভিনয় কৰিছিল। উল্লেখ্য যে, দুৰ্ঘটনাটোত মুঠ ৭জনকৈ লোকৰ মৃত্যু হৈছে। খবৰ সূত্রে বিমানখন প্লাম বীজৰ দিশে গৈ থকাৰ সময়তে আকাশমাৰ্গতে জ্বলি উঠিছিল আৰু খণ্ড বিখণ্ড হৈ পৰা বিমানখন পৰি গৈছিল এটা হ্ৰদত।সম্পূর্ণ এটা ৰাতি উদ্ধাৰকাৰী দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৯০দশকত টাৰ্জানৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয়ী কৰিছিল এইজন অভিনেতাই। তেওঁৰ বৰ্তমান বয়স আছিল ৫৮বছৰ।

Leave A Reply

Your email address will not be published.