Daily Time Axom

কন্ঠশিল্পী পাপনৰ স্বাস্থ্যবিষয়াৰ মাধ্যমেৰে ক’ভিডত আক্ৰান্ত লোকলৈ সাহায্য।

0 12

ডিজিটেল ডেস্কঃ কন্ঠশিল্পী পাপনৰ মহানুভৱতা। কাৰ্ফিউৰ দ্বাৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিডৰ সংক্ৰমণ কম পৰিমাণে হ্ৰাস পাইছে যদিও বহু গাওঁ অঞ্চলত এতিয়াও উপযুক্ত সুবিধাৰ বাবে সম পৰ্যায়তে আছে ক’ভিডৰ সংক্ৰমণ।

সঠিক তথ্য, মাস্ক, চেনিটাইজাৰ আদি নোহোৱাৰ বাবে বহু এলেকাত বিপদৰ আশংকাই দেখা দিছে। সেয়ে দেখা গৈছে বহু বেচৰকাৰী সংস্থা, আৰ্থফুল ফাউণ্ডেচনসমূহেও সহায় সহযোগিতা আগবঢ়াই আহিছে এনে অঞ্চলবোৰত । স্বাস্থ্য বিষয়াসকলৰ মাধ্যমেৰে মুঠ ৩২৪ খন গাঁৱত এই মহামাৰীত আক্রান্ত লোকসকলক সহায় কৰিব পৰা বস্তু সম্বলিত “ক’ভিড কেয়াৰ কিট” প্ৰদান কৰিছে লগতে সহজভাৱে বুজিব পৰাকৈ ক’ভিডৰ তথ্য সম্বলিত প’ষ্টাৰো দিয়া পৰিলক্ষিত হয়, যাতে ক’ভিড সম্পর্কে সঠিক তথ্য পায়।

তেওঁলোকে পৰৱৰ্তী সময়ত বাকী গাঁও সমূহলৈও এই কাৰ্যসূচী নিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জনায়। জনপ্রিয় কন্ঠশিল্পী জনেও সহায়ৰ বাবে আগবাঢ়ি আহিল ক’ভিডত আক্রান্ত লোকক।

Leave A Reply

Your email address will not be published.