Daily Time Axom

চৰকাৰী চাকৰি পাবলৈ হ’লে দিব লাগিব ধূমপান নকৰাৰ শপতনামা। ধুমপান আৰু সুৰামুক্ত ৰাজ্য গঢ়াৰ ব্যতিক্রমী প্ৰয়াস এজন মুখ্যমন্ত্রীৰ।

0 5

ডিজিটেল ডেস্কঃ ধুমপান আৰু মাদকদ্রব্যৰ সেৱনে জুৰুলা কৰি তুলিছে একাংশক। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ধুমপান , মাদকদ্রব্যৰ ব্যৱহাৰ। এনে সময়তে ঝাৰখণ্ডত মুখ্যমন্ত্রীয়ে হাতত লৈছে ধুমপান আৰু মাদকদ্রব্য মুক্ত সমাজ গঢ়াৰ এক ব্যতিক্রমী প্ৰয়াস। তেওঁৰ নতুন নীতি অনুসৰি চৰকাৰী চাকৰি পাবলৈ হ’লে সকলোৱে দাখিল কৰিব লাগিব ধুমপান আৰু সুৰা গ্ৰহণ নকৰাৰ শপতনামা।মুখ্যমন্ত্রী গৰাকীয়ে বাধ্যতামূলক কৰি দিছে এই শপতনামা। শেহতীয়াকৈ ঝাৰখণ্ডক ধঁপাতমুক্ত আৰু সুৰা মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ মন্ত্ৰী সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ঝাৰখণ্ডত অহা বছৰৰ ১এপ্ৰিলৰ পৰা এই নিয়ম বলৱৎ হ’ব বুলি জনায় মন্ত্ৰীসভাখনে। কেৱল চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্রতে নহয়, চৰকাৰী চাকৰি কৰি থকা কৰ্মচাৰীসকলেও ধুমপান আৰু সুৰাপান নকৰাৰ বুলি শপতনামা দাখিল কৰাতো বাধ্যতামূলক কৰিছে।

Leave A Reply

Your email address will not be published.