জনতা কাৰ্ফিউত বন্ধ দোকান পোহাৰ ৩০ ব্যৱসায়ীলৈ সাহাৰ্য অৱসৰপ্ৰাপ্ত শিক্ষকৰ
ডিজিটেল ডেস্ক: সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-১৯ ৰ দ্বিতীয়টো লহৰে ব্যাপকভাৱে সন্ত্ৰাস অব্যাহত ৰাখিছে।যাৰ ফলশ্ৰুতিত ৰাজ্যৰ জণসাধাৰণ শংকিত হৈ পৰাৰ লগতে আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে।বৰ্তমানৰ এনে ভৱাবহ পৰিস্থিতিত ক’ভিড মহামাৰীয়ে অতিকৈ প্ৰভাৱ পেলোৱা এটা মহকুমা হৈছে ধনশিৰি মহকুমা।ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে আৰ্থিকভাৱে জুৰুলা কৰাৰ সময়তে মহকুমাটোৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ অৱসৰপ্ৰাপ্ত এজন শিক্ষকে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।মহকুমাটোৰ গেলাবিল অঞ্চলৰ বহু লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত অঞ্চলটোত ঘোষণা কৰিছিল জনতা কাৰ্ফিউ। যাৰ পৰিপ্ৰেক্ষিতত পোন্ধৰ দিনধৰি দোকান পোহাৰ সকলো বন্ধ থকাৰ বাবে অতিকৈ ক্ষতিৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল।উল্লেখ্য যে অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ শৰ্মা আগবাঢ়ি আহিছে এইসকল লোকৰ সহায়ৰ বাবে।

গেলাবিল জি বি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মাই গেলাবিল অঞ্চলটোৰ ত্ৰিশগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰদান কৰে মাক্স আৰু চেনিটাইজাৰ।উল্লেখযোগ্য যে ইতিমধ্যে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে নিজৰ পেঞ্চনৰ ৰাহি ধনেৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ হাতত পঞ্চাশ হাজাৰ টকাৰ অনুদানো আগবঢ়াইছে।শিক্ষকজনৰ এনে মহানুভৱতাৰ কাৰ্যক এতিয়া বিভিন্ন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।