ডিজিটেল ডেস্ক: ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনাই সোমবাৰে লাভ কৰিলে ব্ৰঞ্জৰ পদক।৬৯ কিল’ৱেলটাৰৱেট শাখাত লাভ কৰিছে ব্ৰঞ্জৰ পদকটি।লাভলীনাই এই পদক লাভ কৰাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটযোগে লাভলীনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।অসম কন্যা গৰাকীৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।