চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ’ব ১০ জুনত।
ডিজিটেল ডেস্কঃ ১০জুন, বৃহস্পতিবাৰে হ’ব এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ। উক্ত সূৰ্যগ্ৰহণ দুপৰীয়া ১.৪২ মিনিটৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬.৪১ মিনিটত সমাপ্ত হ’ব। সম্পূর্ণ ৫ঘন্টাৰ এই সূৰ্যগ্ৰহণ আংশিকভাৱে দেখা পাব উত্তৰ-পশ্চিম আমেৰিকা, ইউৰোপ, এছিয়া, আটলান্টিক মহাসাগৰৰ উত্তৰত। সম্পূর্ণভাৱে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিবলৈ পাব গ্ৰীণলেণ্ড, উত্তৰ কানাডা আৰু ৰাছিয়াত। আনহাতে অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কিছু কিছু অঞ্চলত দেখা পাব এই সূৰ্যগ্ৰহণ।