Daily Time Axom

পদপথত জীৱন নিৰ্বাহ কৰা লোকৰ কাষত থিয় দিলে টাই আহোম ছাত্ৰ সন্থা

0 56

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰাণতো ক’ভিড -১৯ য়ে ধাৰণ কৰিছে ভয়াবহ ৰূপ।ইফালে ক’ভিডৰ ভয়াবহতা আৰু আংশিক লকডাউনৰ ফলশ্ৰুতিত বিভিন্ন ধৰনৰ অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ লোক সকল।এই সময়খিনিত বিশেষকৈ অসুবিধাৰ সন্মুখীন হৈছে পদপথত জীৱন নিৰ্বাহ কৰা অসহায় লোক সকল।কাৰণ দিনৰ ১১ বজাতেই হোটেল ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰাত তেওঁলোকে লঘোনে দিন কটাব লগীয়া হৈছে।সেয়ে এই লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতি।মৰাণৰ পদপথত যিসকল ব্যক্তি আছিল সেই সকলক এসাঁজ ভাত যোগান ধৰে সংগঠনটোৱে।ইয়াৰোপৰিও সংগঠনটোৰ কৰ্মী সকলে সেই ব্যক্তিসকলক ক’ভিড ভয়াবহতাৰ বিষয়ে অৱগত কৰে।উল্লেখযোগ্য যে ক’ভিড -১৯ ৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতো নিৰবিছিন্ন ভাৱে সেৱা আগবঢ়াই থকা আৰক্ষী আৰু সাংবাদিক সকলকো এসাঁজ ভাত যোগান ধৰি মানৱতাৰ পৰিচয় দাঙি ধৰে সংগঠনটোৱে। সংগঠনটোৰ এনে মহানুভৱতাক এতিয়া সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.