বৰক্ষেত্ৰীত বজ্ৰপাতত আহত হোৱা এজন শিশুৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি আহ্বান পৰিয়ালৰ।

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰে পৰা আহি থকা বৰষুণৰ মাজত বজ্ৰপাত পৰি বৰক্ষেত্ৰীৰ এটি শিশু গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তাপাবড়ী (জাগাৰা পাম) গাঁৱৰ চিটিবাছৰ চালক কেশৱ বৰ্মনৰ দহ বছৰীয়া কন্যা কৃতিকা বৰ্মনে মূধলধাৰ বৰষুণৰ মাজত চোতালত আম বুটলি থাকোঁতেই বজ্ৰপাত পৰে৷ মূহুৰ্ত্ততে শিশুটিয়ে পৰিধান কৰি থকা পোছাক জ্বলি উঠে ৷ শিশুটিয়ে চিঞৰ-বাখৰ কৰাত পিতৃ ওচৰলৈ দৌৰি আহি শিশুটিয়ে পৰিধান কৰা পোছাক ফালি পেলায় আৰু ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়লত ভৰ্তি কৰায় ৷ শিশুটিৰ শৰীৰৰ সোঁফালৰ অধিকাংশ পুৰি যোৱাত মুকালমুৱা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰিয়ে শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ কিন্তু আৰ্থিক অৱস্থা বেয়া হোৱা বাবে শিশুটিক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ নিব পৰা নাই পৰিয়ালৰ লোকে । বৰতলা হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি আহ্বান জনাইছে পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে শিশুটিৰ মাতৃ বিপাঞ্চী বৰ্মনৰ ভাৰতীয় ষ্টেট বেংকৰ মুকালমুৱা শাখাত থকা AC:34333638578 নম্বৰ একাউণ্ট আৰু IFSC – SBIN0011610 নম্বৰত ধন জমা দিবলৈ নতুবা 8099288033 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Comments (0)
Add Comment