Daily Time Axom

টিহুৰ বালি গাঁওত ৰাইজে মেৰামতি কৰি উলিয়ালে বান বিধ্বস্ত গড়কাপ্তানি পথ।

0 7

ডিজিটেল ডেস্কঃ পুনৰ বাৰিষা আহিল। ৰাজ্যত বাঢ়িব ধৰা বানৰ প্ৰকোপকলৈ শংকিত একাংশ ৰাইজ। সেই একেদৰে বাৰিষাক লৈ এতিয়া শংকিত বালি গাঁওৰ ৰাইজ ।
টিহুৰ পৰা হাৰিভাঙ্গা হৈ বালি গাঁৱৰ মাজেদি নলবাৰীলৈ যোৱা অতি ব্যস্ততাপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ মূল গড়কাপ্তানি পথটোৰ বালি গাঁওত প্ৰতি বছৰে বানপানীৰ সময়ত পথৰ ওপৰেৰে পানী বাগৰি পথটোৰ বিভিন্ন ঠাই বিধ্বস্ত কৰি তুলে । কিন্তু চৰকাৰ তথা গড়কাপ্তানি বিভাগক বান বিধ্বস্ত গড়কাপ্তানি পথ চোৱা মেৰামতি কৰিবলৈ ৰাইজে বাৰাম্বাৰ অনুৰোধ জনাই আহিছে যদিও আজিৰলৈকে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে । সেয়েহে চৰকাৰ তথা গড়কাপ্তানি বিভাগলৈ বাট নাচাই অৱশেষত বালি গাঁওৰ জেউতি সংঘৰ উদ্যোগত স্থানীয় ৰাইজ ওলাই আহিল গড়কাপ্তানি পথচোৱা মেৰামতি কৰিবলৈ।

Leave A Reply

Your email address will not be published.