অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান ।

*️অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান ।

*ক’ভিডত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ড০ লক্ষ্মীনন্দন বৰাই ।

*বৰেণ্য সাহিত্যিক গৰাকীৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি

*️দীৰ্ঘদিন ধৰি এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল ড০ লক্ষ্মীনন্দন বৰা ।

* সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ ।

*️মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ” বৰেণ্য সাহিত্যিক গৰাকীৰ বিয়োগক ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল বুলি উল্লেখ কৰে।

*প্ৰয়াত সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

*ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।

Comments (0)
Add Comment