Daily Time Axom

সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ ।

0 9

ডিজিটেল ডেস্ক:- অসমীয়া সাহিত্যিৰ অপূৰণীয় ক্ষতি কৰি আজি ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰাই।বৰেণ্য সাহিত্যিক গৰাকী ক’ভিডত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল গুৱাহাটীস্থিত এক্সেল কেয়াৰ হস্পিতালত ।
ৰামধেনু’ যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড° বৰাই পিছলৈ লিখি গৈছিল ইখনৰ পিছত সিখন সফল উপন্যাস।১৯৩১ চনত নগাওঁ জিলাত জন্ম গ্ৰহণ কৰা সাহিত্যিক গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে তেখেতে ১৯৯৬ চনত বোকাখাতত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। যাকেৰি নাহিকে উপাম,পাতাল ভৈৰৱী,কায়কল্প,গঙা চিলনীৰ পাখি আদিৰ দৰে আৰু অনেক উপন্যাস উপহাৰ দি সমৃদ্ধ কৰিছিল অসমীয়া সাহিত্যৰ ভঁৰাল।তেওঁ ১৯৮৮ চনত ‘পাতাল ভৈৰৱী‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৮ চনত ‘কায়কল্প’ৰ বাবে লাভ কৰিছিল সৰস্বতী বঁটা।ইয়াৰ পিছতে ২০১৫ চনৰ ২৬ জানুৱাৰীত তেখেতক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰে।অসমীয়া সাহিত্যৰ জগতলৈ অহৰহ অৱদান আগবঢ়াই যোৱা এই গৰাকী বিশিষ্ট সাহিত্যিকৰ মৃত্যুত ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰিছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ লগতে বৰেণ্য সাহিত্যিক গৰাকীৰ বিয়োগত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল বুলি উল্লেখ কৰিছে।উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে সাহিত্যিক গৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.