Daily Time Axom

মৰাণৰ বিজুলি নগৰ, ৰাজহ চক্ৰ কাৰ্যালয়, ৰাজহুৱা স্থান আৰু কাৰ্যালয় চৌহদ আদিত চেনিটাইজেচন।

0 44

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়াও অব্যাহত আছে ক’ভিডৰ ভয়াৱহ পৰিস্থিতি । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সিমামূৰীয়া বৃহত্তৰ মৰাণতো ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২ সহস্ৰাধিক অতিক্ৰম কৰিলে । এনে ভয়াৱহ পৰিস্থিতিৰ পৰিপেক্ষিত শুকুৰবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ অইল অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত মৰাণৰ বিজুলি নগৰ, ৰাজহ চক্ৰ কাৰ্যালয়, ৰাজহুৱা স্থান আৰু কাৰ্যালয় চৌহদ আদিত চেনিটাইজেচন কৰা পৰিলক্ষিত হয়।

উল্লেখ্যযোগ্য ৪জুনৰ পৰা প্ৰতি সপ্তাহৰ দুটা দিনত এনেদৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত মৰাণত চেনিটাইজেচন কৰা হ’ব বুলিও জানিবলৈ দিয়ে ।উক্ত কাৰ্যসূচীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অবিনাশ শৰ্মা, মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ, সম্পাদক ভাস্কৰ বৰুৱাসহ সদস্য সকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.