ডিজিটেল ডেস্ক: অসমীয়া সাহিত্যিৰ অপূৰণীয় ক্ষতি কৰি বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰাই।বৰেণ্য সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যই।শোক প্ৰকাশ কৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই।ডঃ বৰুৱাই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সৰস্বতী সন্মানেৰে সন্মানিত বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়,’সৃষ্টিশীল সাহিত্যক ভাৰত-বন্দিত গৰিমা দান কৰা এটা যুগৰ অৱসান ঘটিল।’ ড° বৰুৱাই, ড° লক্ষ্মীনন্দন বৰা অসমীয়া সাহিত্যৰ এগৰাকী দ্বিগ্গজ কাণ্ডাৰীয়েই নাছিল, প্ৰকৃত অৰ্থত আধুনিক মনৰ গভীৰ সংবেদনশীল ব্যক্তি আছিল। ‘নিজৰ কৃতিৰে ভাৰতীয় গৰিমাৰে অসম আৰু অসমীয়া সাহিত্যক উচ্চতা দান কৰিছিল’ বুলি উল্লেখ কৰে।ইয়াৰ পিছতে তেখেত পুনৰ কয়,তেওঁ আছিল খুবেই সৰল নিৰহংকাৰী আৰু সৰ্বজনপ্ৰিয় ব্যক্তি।’ অসম সাহিত্য সভাৰ সংকট নিৰাময়ৰ যুদ্ধখনত তেখেতক এগৰাকী অভিভাৱকৰূপে পোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰি ডঃ বৰুৱাই পুনৰ কয় : ‘বহু বিষয়ত স্পষ্টবাদী, নিৰ্লোভ, প্ৰোজ্জ্বল ব্যক্তিত্বৰে অসমৰ সমাজজীৱন আৰু বৌদ্ধিক পৰিমণ্ডলত পিতামহৰ দৰে দীৰ্ঘকাল সক্ৰিয় হৈ থকা ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুৱে উদং কৰা ঠাই সতকাই পূৰণ নহ’ব। তেখেতৰ মৃত্যুত মৰ্মাহত হোৱাৰ লগতে অভিভাৱকহীনতাৰ দুখে জৰ্জৰিত কৰিছে’বুলি উল্লেখ কৰে।