Daily Time Axom

নুমলীগড়ৰ মৰঙি খণ্ড স্বাস্থ্য বিভাগৰ অধীনৰ বৃহৎ চাহ বাগিচাত ক’ভিড টিকাকৰণৰ শুভাৰম্ভ ৷

0 7

ডিজিটেল ডেস্কঃ সমগ্র ৰাজ্যৰ লগতে বাগিচাসমূহতো বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ ৷ চাহ বাগিচাৰ শ্ৰমিক মজদুৰৰ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ শুকুৰবাৰে মৰঙি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু পংকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত চিকিৎসক, চিকিৎসাকৰ্মী আৰু এন এইচ এমৰ বিষয়ববীয়া , বাগিচা কৰ্তৃপক্ষ আৰু চাহ মজদুৰ সংঘৰ সহযোগত ক’ভিড টিকাকৰণৰ শুভাৰম্ভ কৰে বাগিচাৰ চিকিৎসালয়ত ৷ ইয়াৰ লগতে ৰেপিড এন্টিজেন টেষ্ট কৰাৰো ব্যৱস্থা কৰিছে বিভাগটোৱে ৷আনহাতে যিসকল লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিব সেই সকল লোকক ৰাখিবৰ বাবে আছুতীয়া কক্ষৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷ইফালে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপক শ্ৰমিক ৰাইজ তথা দল সংগঠনে শলাগ লোৱা পৰিলক্ষিত হয় ৷

Leave A Reply

Your email address will not be published.