Daily Time Axom

বন্যহস্তীৰ ওপৰত জীৱশ্ৰেষ্ঠৰ অত্যাচাৰ।

0 25

ডিজিটেল ডেস্কঃ নুমলীগড়ত বন্যহস্তীৰ জাকৰ ওপৰত জীৱশ্ৰেষ্ঠই চলাইছে নিৰ্মম অত্যাচাৰ । নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত একাংশ দুষ্কৃতিকাৰীৰ বন্যহস্তীৰ জাকৰ ওপৰত নিৰ্মম অত্যাচাৰৰ ঘটনায় প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে এটা হাতীৰজাকে কিছুদিনৰ পৰা খাদ্যৰ সন্ধানত নামবৰ দৈগ্ৰোং বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাঙিছে ,খেতি-পথাৰত উপদ্ৰৱ চলাই আহিছে। তাৰপিছত হাতীৰ জাকটোৱে দিনৰ ভাগত চাহ-বাগিচাৰ মাজত আশ্ৰয় লয়হি ৷ কিন্তু শান্ত সমাহিত হাতীৰ জাকটোক জীৱশ্ৰেষ্ঠই খেতিমাটি আদি নষ্ট কৰাৰ বাবে চলাইছে অত্যাচাৰ ৷ইফালে শিল , দা- লাঠি , কেটেপা আদিৰে আঘাত কৰিছে হাতীৰ জাকটোক ৷ কিন্তু এতিয়ালৈকে কেইবাটাও পোৱালীসহ বিচৰণ কৰা হাতীৰ জাকটোক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷ মানুহৰ আক্ৰমণৰ ফলত হাতীৰ জাকটো ক্ষোভিত হৈ ঘৰ বাৰীৰ ক্ষতি সাধন কৰিছে ৷ মনুহকো হাতীৰ উপদ্ৰৱৰ পৰা নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা দেখা গৈছে বন বিভাগ ৷

Leave A Reply

Your email address will not be published.