ডিজিটেল ডেস্কঃ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ডুমডুমা চহৰলৈ সোমাওঁতেই এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় যাৰ বাবে আজি প্ৰায় বহুদিনৰে পৰা চহৰখনত যানজঁটৰ সমস্যাৰ লগতে গাড়ী মটৰ পাৰ হোৱাত ৰাইজে জীয়াতু ভুগিব লগাত পৰিছিল । ডুমডুমা নগৰ সমিতিয়ে যেন নগৰখনৰ মাজ-মজিয়াৰ বৃহৎ গাঁতটো দেখিও নেদেখাৰ ভাও ধৰি আছিল ।সেয়েহে অৱশেষত যোৱাকালি ডুমডুমা নগৰ সমিতিলৈ বাট নাচাই তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত সাম্ভাব্য যিকোনো দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰাকৈ ডুমডুমা আৰক্ষীয়ে নিৰ্মাণ কৰি উলিয়ালে সেই পথটো । উল্লেখ্য যে, ডুমডুমা অঞ্চলৰ এজন সচেতন ব্যক্তিৰ উক্ত পথটোৰ লৈ দিয়া এটা ফেচবুক প’ষ্টৰ পিছতেই আৰক্ষীয়ে পথটো নিৰ্মাণ কৰি উলিওৱাত জিলাখনৰ সচেতন মহলে বাৰুকৈয়ে শলাগ ল’লে ডুমডুমা আৰক্ষীক।